Wednesday 15 April 2020

Class 10 | Grammar | Translation | HSLC | SEBA | ASSAM

Class 10 | Grammar | Translation |  HSLC | SEBA | ASSAM

Class 10 | Grammar | Translation |  HSLC | SEBA | ASSAM
TRANSLATION | QUESTION BANK | SEBA

Translation | Grammar | Class 10 | SEBA

1. H.S.L.C. 2007 | TRANSLATION | SEBA | CLASS 10


https://play.google.com/store/apps/details?id=io.kodular.theinfobell.Educately_Assam
1.    H.S.L.C. 2007
1.    আমি এখন গাঁৱত বাস কৰোঁ।
We live in a village.
2.    গাঁওখন চহৰৰ পৰা বেছি দূৰত  নহয় ।
The village is not far away from the town.
3.    ঘৰত মোৰ মা-দেউতা আৰু এজনী ভনী আছে ।
I have my parents and a sister in my home.
4.    দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে ।
My father cultivates in our own land.
5.    তেখেতক সহায় কৰিবলৈ দুজন বনুৱাও ৰাখিছে ।
He has kept two workers too to help him.
6.    আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে ।
We don’t require buying many of our essential commodities.
7.    সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয় ।
Those are produced in our own field.
8.    আমাৰ এটা মাছ পোহা পুখুৰীও আছে ।
We have a fishery too.       
9.    কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে ।
The river Kaldia flows by our village.
10.    মাজে সময়ে আমি নৈত মাছ ধৰোঁ ।
We catch fish intermittently in the river.

2.    H.S.L.C. 2008
1.    বেলি পূৱত উদয় হয় আৰু পশ্চিমত মাৰ যায় ।
The sun rises in the east and sets in the west.
2.    তোমালোকে এতিয়া কি কৰি আছা?
What are doing now?
3.    আমি সদায় নদীৰ পাৰত ফুৰোঁ ।
We always walk along the bank of the river.
4.    ছোৱালীজনীয়ে গান গাই আছে ।
The girl is singing.
5.    তুমি গাড়ী চলাব পাৰানে?
Can you drive a car?
6.    তেওঁৰ ভাগৰ লাগিছে ।
He is tired.
7.    ল'ৰাটো বুধিয়ক যেন লাগিছে ।
The boy seems to be intelligent.
8.    যোৱামাহত মই তিতাবৰলৈ গৈছিলো ।
I went to Titabor last month.
9.    তাত মোৰ মা-দেউতা থাকে ।
My parents live there.
10.    তেওঁলোক তাত জন্মৰ পৰাই আছে ।
They have been living there since their birth.
3.    H.S.L.C. 2009
1.    আজি দেওবাৰ ।
Today is Sunday.
2.    আমাৰ দেউতাও ঘৰতে থাকিব ।
Our father will also be at home.
3.    তেখেত চৰকাৰী চাকৰিয়াল ।
He is a government employee.
4.    মই আৰু মোৰ ভাইটো আজি চিৰিয়াখানা চাবলৈ যাম ।.
My brother and I shall visit the zoo today.
5.    কালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলো ।
We asked our father for permission.
6.    তেখেতে ক'লে,“আৰু কোনোবা যাব নেকি?”
He said, “Will anyone else accompany you?”
7.    মই ক'লো যে আমাৰ লগত আৰু কোনো নাযায় ।
I said that no one else would accompany us.
8.    আমি দুয়োজন একেলগে যাম ।
We two will go together.
9.    তেতিয়া দেউতাই ক'লে,“তেনেদৰে যাব নোৱাৰা । মই তোমালোকক গাড়ীৰে লৈ যাম ।”
Then father said, “You cannot go like that. I will take you by car.”
4.    H.S.L.C. 2010
1.    জুস্মিতা এজনী চোকাবুদ্ধিৰ ছোৱালী ।
Jusmita is a sharply intelligent girl.
2.    তাই এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব ।
She will appear in the High School Leaving Certificate examination.
3.    তাইৰ ভনীয়েক মিনিয়ে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে ।
Her sister Mini is reading in an English medium school
4.    তাইও পঢ়া-শুনাত ভাল ।
She is also good in her studies.
5.    যোৱাবছৰ শ্ৰেণীত প্ৰথম হওঁতে তাইৰ ককাকে তাইক এটা ধুনীয়া উপহাৰ দিছিল ।
Last year when she stood first in the class, her grandfather gave her a beautiful present.  
6.    তাই মিচিকিয়াই হাঁহি কৈছিল, “ককা বাইদেউকো উপহাৰ দিবানে ?”
Smiling she said, “Grandfather, will you give present to elder sister.”
7.    ককাকে উত্তৰ দিছিল যে এইবাৰ তাইক উপহাৰ দিয়া নহ'ব ।
Grandfather replied that she would not be gifted that year.
8.    ককাকে জুস্মিতা আৰু মিনি  বৰ মৰম কৰে ।
Grandfather loves Jusmita and Mini very much.
5.    H.S.L.C. 2011
1.    ললিতা এজনী মেধাৱী ছাত্ৰী ।
Lalita is a meritorious student.
2.    এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল ।
Her maternal uncle gifted her with an English dictionary one year back.
3.    তেওঁ তাইক কৈছিল, “এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা,  নহয়নে ?”
He said to her, “Is not a dictionary necessary tool for learning a language?”
4.    যদি তুমি নতুন শব্দ এটা, অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা ।
If you get a new word, you will see it in the dictionary and its meaning and use.
5.    অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে ।
He taught her how to use a dictionary.
6.    উপহাৰটোৱে সঁচাকৈ তাইক অনুপ্ৰাণিত কৰিলে ।
The gift truly inspired her.
7.    তেতিয়াৰে পৰা অভিধানখনপঢ়া কোঠাত তাইৰ সংগী হৈ আছে ।
Since then the dictionary has been her companion in her study room.
8.    এতিয়া পৰীক্ষাৰ বাবে তাই খুউব পঢ়িছে ।
She is studying a lot for the examination.
6.    H.S.L.C. 2012
1.    সজ নাগৰিকসকল দেশৰ সম্পদ ।
The good citizens are a country’s asset.
2.    দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে ।
The development of the country depends upon them.
3.    ছাত্ৰ অৱস্হা হ'ল প্ৰস্তুতিৰ সময় ।
The student life is the time for preparation.
4.    এই সময়ত ছাত্ৰ-ছাত্ৰীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত ।
The students should practise the good habits during this time.
5.    তেতিয়াহে তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব ।
Then only they can become good citizens in future.
6.    এইক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰে ।
The teachers can help the students in this regard.
7.    H.S.L.C. 2013
1.    গছৰ পাতবোৰ সেউজীয়া ।
The tree leaves are green.
2.    গছে আামাক ফুল, ফল আৰু ছাঁ দিয়ে ।
Tree gives us flowers, fruits and shade.
3.    জ্ঞানীলোকে কয়, “এজোপা গছ দহজন পুতেকৰ সমান ।”
Wise men say, “A tree is equal to ten sons.”
4.    তুমি গছৰ যতন লোৱানে?
Do you take care of trees?
5.    পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবই লাগিব ।
We must take of the trees to keep the earth green.
6.    গছ আৰু প্ৰাণী ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল ।
Trees and animals are dependent on each other.
8.    H.S.L.C. 2014
1.    অসম এখন ধুনীয়া প্ৰদেশ ।
Assam is a beautiful province.
2.    ই ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তত অৱস্হিত ।
It is situated in the north-east of India.
3.    শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি ।
SrimantaSankardev is the greatest man of Assam.
4.    মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে ।
People should always love their companions.
5.    তুমি মটৰ গাড়ী চলাব জানানে?
Do you know how to drive a car?
6.    শিক্ষকজনে ৰমেনক কꞌলে, “আলিবাট পাৰ হওঁতে সাৱধান হ’বা ।
The teacher said to Ramen, “Be cautious while crossing the road.”
9.    H.S.L.C. 2015
1.    মায়ে মোক সুধিছিল, “ সঁচা কথা কৈছানে?”
Mother said to me, “Have you spoken the truth?”
2.    মই সাঁতুৰিব নোৱাৰাৰ নিছিনাই ।
I almost do not know how to swim.
3.    তুমি কেতিয়াবা সিংহ দেখিছানে?
Have you ever seen a lion?
4.    যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল, তেখেতক মই চিনি পাওঁ ।
I know the man who came to our school today.
5.    মই নহালৈকে তুমি ৰ’বা ।
Wait until I return.
10.    H.S.L.C. 2016
1.    এই কিতাপখন মোৰ আৰু সেইখন তোমাৰ ।
This book is mine and that is yours.
2.    সোণ এবিধ মূল্যৱান ধাতু ।
Gold is a precious metal.
3.    অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিবলৈ কোৱা ।
Please ask him to open the door.
4.    তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো ।
When he came, I was reading newspaper.
5.    আলিবাট পাৰ হওঁতে সাৱধান হ'বা ।
Be careful while crossing the road.
11.    H.S.L.C. 2017
1.    পৃথিবীখন ঘূৰণীয়া ।
The earth is round.
2.    তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া ।
Let them come in.
3.    তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ।
How much time do you study daily?
4.    আজি ৰাতি বৰষুণ দিব পাৰে ।
It may rain tonight.
5.    বুঢ়ামানুহজনে বৰ লাহে লাহে কথা কয় ।
The old man speaks very slowly.
12.    H.S.L.C. 2018
1.    মীনা যেনেকুৱা বুধিয়ক, লীনাও তেনেকুৱা।
Lila is also as intelligent as Mina.
2.    জোনে ৰাতিহে পোহৰ দিয়ে।
The moon shines at night only.
3.    তুমি কালি স্কুললৈ গৈছিলানে?
Did you go to school yesterday?
4.    সি ককায়েকক খুব ভাল পায় ।
He loves his brother very much.
5.    ৰিন্টুৱে কৈছিল,’’এইটো কি সুন্দৰ পুতলা।“
Rintu said, “What a beautiful doll this is!”
13.    H.S.L.C. 2019
1.    যদুৱে মোক সুধিছিল, ৰাজু ইংৰাজীত ভালনে?
Jadu asked me, “Is Raju good in English?”
2.    দোকমোকালিতে শোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস ।
He has the habit of waking up early in the morning.
3.    মিছা কথা কোৱা উচিত নহয় ।
We should not tell a lie.
4.    সৌ গছডাল ইমান ওখ !
What a tall tree that is!
5.    কিতাপখন টেবুলৰ ওপৰত আছে ।
The book is on the table.
14.     H.S.L.C. 2020
1.    আকাশত মেঘ নাছিল।
There was no cloud in the sky.
2.    শিক্ষকজনে কৈছিল, “সদায় সচাঁ কথা কবা।”
The teacher said, “Always speak the truth.”
3.    তুমি নৈখন সাতুৰি পাৰ হব পাৰিবানে?
Ca you swim across the river?
4.    প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে।
Promises should be kept.
5.    মৌ খাবলৈ মিঠা।
Honey tastes sweet.
6.    মোক এটা কলমৰ প্ৰয়োজন।
I need a pen.
15.    Additional
1.    যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলো ।
Last year I want to Shillong.
2.    মই তাত এসপ্তাহ আছিলো ।
I stayed there for one week.
3.    শ্বিলঙৰ জলবায়ু বৰ সুন্দৰ ।
Climate of Shillong is very beautiful.  
4.    গুৱাহাটীতকৈ ই বহুত ঠাণ্ডা ।
It is colder than that of Guwahati.
5.    শ্বিলঙত থাকি বৰ ভাল লাগে ।
It feels very good to stay there in Shillong.
6.    প্ৰীতম এজন মেধাৱী ছাত্ৰ ।
Pritom is a meritorious student.
7.    সি নিয়িমিত কঠোৰ পৰিশ্ৰম কৰে ।
He works hard regularly.
8.    তাৰ জীৱনৰ উদ্দেশ্য এই যে সি এজন ভাল ডাক্তৰ হ’ব ।
His aim of life is that he will become a good doctor.
9.    সফলতা মানুহৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে ।
Success depends upon hard work.
10.    যদি তুমি কঠোৰ পৰিশ্ৰম কৰা, তুমিও সফল হ’বা ।
If you work hard, you will succeed.
11.    কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত ।
Kaziranga is famous for one horned rhino.
12.    বেলি পূৱফালে উদয় হয় আৰু পশ্চিমফালে অস্ত যায় ।
The sun rises in the east and sets in the west.
13.    আমি সদায় নদীৰ পাৰৰ ফালে ফুৰিবলৈ যাওঁ ।
We always go for a walk on bank of the river.
14.    তেওঁলোকে গুৱাহাটীত যোৱা দহ বছৰ ধৰি বসবাস কৰি আছে ।
They have been living in Guwahati for ten years.
15.    ডাক্তৰ অহাৰ আগতেই ৰোগীজন ঢুকাল ।
 The patient had died before the doctor came.
16.    চৰিত্ৰবান মানুহক সকলোৱে সন্মান কৰে ।
A man of character is respected by everyone.
17.    সি মোক সুধিছিল, যোৱা বছৰ তুমি কিয় পৰীক্ষা দিয়া নাছিলা
He asked me, “Why did you not appear in the examination last year?”
18.    মই উত্তৰ দিছিলো যে মই অসুস্থ আছিলো ।
I answered that I was ill.
19.    ৰহিম শ্ৰেণীৰ ভিতৰত আটাইতকৈ ভাল লৰা ।
Rohim is the best boy in the class.
20.    তেওঁক শাস্তি দিয়া হওক ।
Let he be punished.
21.    অসম এখন মনোমোহা ৰাজ্য ।
Assam is a magnificent state.
22.    ই প্ৰাকৃতিক সম্পদত চহকী ।
It is rich in natural resources.
23.    অসমৰ এটা খৰ্গ থকা গঁড় পৃথিবী বিখ্যাত ।
Assam is famous worldwide for its one horn rhino.
24.    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় দেখিবলৈ পোৱা যায় ।
Rhinos can be seen in Kaziranga national park.
25.    ইয়ালৈ বহুতো পৰ্যটক আহে ।
Many tourists visit here.
26.    গছে আমাক বায়ু প্ৰদূষণৰ পৰা মুক্ত কৰে ।
The tree frees us from air pollution.
27.    জীৱ জগতৰ প্ৰতি গছৰ এইটো আটাইতকৈ ডাঙৰ উপকাৰ ।
This is the biggest benefaction by trees to the biotic lives.
28.    নদীৰ দুয়োপাৰে ধাননি পথাৰ আছে ।
There are paddy fields along both of the banks of the river.
29.    কেইজনমান মানুহে তাত বহি আছে ।
A few people are sitting there.
30.    তেওঁলোকে খৰাং বতৰৰ বিষয়ে কথা পাতি আছে ।
They are talking about drought weather.
31.    বেছিভাগ খেতিয়কে আজিকালি টেক্টৰেৰে খেতি কৰে ।
Most of the farmers cultivate with the help of tractors.  
32.    ব্ৰহ্মপুত্ৰ এখন বিশাল নদী ।
The Brahmaputra is a big river.
33.    ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে বৈ গৈছে ।
The river Brahmaputra flows throw Assam.
34.    আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে ।
Everybody in our house wakes up early in the morning.
35.    তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো ।
I was reading English when you came.
36.    আমি খেল পথাৰ পোৱাৰ আগতেই খেল আৰম্ভ হৈছিল ।
The game had started before we reached the playground.
37.    মই কালি চুলি কটালো ।
I had my hair cut yesterday.
38.    আমাৰ শ্ৰেণীত কেইজনীমানহে ছোৱালী আছে ।
There are only a few girls in our class.
39.    মই এবছৰ ধৰি ৰহিমক দেখা নাই ।
I have not seen Rohim for a year.
40.    মানুহজন ইমানেই দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে ।
The man is so weak that he can’t walk.
41.    শিৱসাগৰৰ পুৰণি নাম ৰংপুৰ ।
The ancient name is Sivsagar is Rangpur.
42.    ই ইতিহাস প্ৰসিদ্ধ ঠাই ।
It is a historical place.
43.    মায়ে কৈছিল, শিৱসাগৰ আসমৰ আটাইতকৈ ধুনীয়া ঠাই, নহয়নে
Mather said, “Sivsagar is the most beautiful place of Assam, isn’t it?”
44.    আমি অহা ডিচেম্বৰত তালৈ যাম ।
We will go there next December.
45.    সি কেতিয়া আহিব মই নাজানো I
I don’t know when he will come.